মটৰ গাড়ী চালক আৰু অন্যান্য পথ ব্যৱহাৰকাৰীক নিয়ন্ত্ৰণৰ উদ্দেশ্যে ১৯১৪ চনত দেশত ‘ভাৰতীয় মটৰ গাড়ী আইন ১৯১৪’ ৰ প্ৰথম বিধেয়কখন গৃহীত হয়। সেই সময়ৰেপৰা ভাৰতৰ পথসমূহত যান-বাহনৰ চাপ বহুগুণে বৃদ্ধি পাবলৈ ধৰে আৰু ভাৰত চৰকাৰে প্ৰথম ‘মটৰ গাড়ী আইন ১৯১৪’ ৰ বহুকেইটা সংস্কৰণ ঘটাই অৱশেষত ‘মটৰ গাড়ী আইন ১৯৮৮’ ৰ গঢ় দিয়ে।
পথত মটৰ গাড়ীৰ চলাচল সুচল কৰাৰ নিশ্চয়তা সৃষ্টিৰ উদ্দেশ্য আগত লৈ যান-বাহনৰ নীতি-নিয়ম সমূহ ব্যৱহাৰ কৰা হয়। এই নীতি-নিয়ম সমূহ অকল গাড়ী চালকসকলৰ বাবেহেযে প্ৰযোজ্য তেনে নহয়, ৰাজপথ ব্যৱহাৰ কৰা পথচাৰী, চাইকেল আৰোহী আৰু অন্যান্য পথ ব্যৱহাৰকাৰীৰ বাবেও এই নিয়ম প্ৰযোজ্য।
গাড়ী চালক আৰু পথ ব্যৱহাৰকাৰী সকলৰ যান-বাহনৰ নীতি-নিয়ম সমূহ, যান-বাহনৰ চিহ্ন আৰু সংকেত আদি বিষয়ত পুংখানুপুংখ জ্ঞান থকাটো অতি প্ৰয়োজনীয় বিষয়। এই নীতি-নিয়ম সমূহৰ সঠিক জ্ঞানে পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাত বহুখিনি অৰিহণা যোগায় আৰু দেশত সুসংগঠিত যান-বাহন পদ্ধতি প্ৰতিষ্ঠা কৰে।
ট্ৰাফিক লাইটসমূহ যাত্ৰী, চালক তথা খোজকাঢ়ি থকা লোকসকলৰ বাবে এক অনিবাৰ্য্য অংগ।ৰাষ্টাৰ যান-যঁতসমূহ এই লাইটসমূহে সঠিকভাৱে পৰিচালনা কৰে। সকলোৱে সকলো সময়ত এই নিয়ম সমূহ মানি চলিব লাগে।
![]() | যান-বাহনৰ পোহৰ সংকেতত ৰঙা লাইট জ্বলি উঠাৰ অৰ্থ হৈছে চলন্ত বাহন ষ্টপ লাইনৰ পাছত সম্পূৰ্ণকৈ ৰখাবলৈ কৰা নিৰ্দেশ চিহ্ন। এইটো মনত ৰখা উচিত যে ষ্টপ লাইন পাৰ কৰাটো দোষণীয় কাৰ্য্য। তেতিয়া সেউজীয়া পোহৰ জ্বলি উঠালৈ অপেক্ষা কৰিব লাগে। |
![]() | হালধীয়া পোহৰ জ্বলি উঠাৰ অৰ্থ হৈছে সাৱধান সূচক সংকেত প্ৰদান। এই পোহৰ জ্বলি উঠিলে যাবলৈ সাজু হ’বলৈ সংকেত দিয়ে। |
![]() | সেউজীয়া পোহৰ সংকেতে সাৱধানে লাহেলাহে আগবাঢ়িবলৈ অনুমতি প্ৰদান কৰে। |
![]() | ৰঙা পোহৰ সংকেতে গাড়ী সম্পূৰ্ণকৈ ৰখাবলৈ আৰু পথ সুৰক্ষিত আৰু স্পষ্ট হোৱালৈ অপেক্ষা কৰাৰ নিৰ্দেশ প্ৰদান কৰে। |