মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবহণ বিভাগ পৰিবহণ আয়ুক্তালয়

মন্ত্ৰী

  •   

    শ্ৰীযুত চন্দ্ৰ মোহন পাটোৱাৰী
    ‘চি’ ব্লক, দ্বিতীয় মহলা
    অসম সচিবালয়
    দিশপুৰ, অসম
    গুৱাহাটী-৭৮১ ০০৬
    দুৰভাষ:
    ই-মেইল:

     

    শ্ৰীযুত চন্দ্ৰ মোহন পাটোৱাৰী (জন্ম ২ অক্টোবৰ ১৯৫৫) এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ আৰু সমাজ কৰ্মী।

    ১৯৮৪ চনত তেখেতে অসম গণ পৰিষদত যোগদান কৰে। ২০০৬ চনৰ পৰা ২০১১ চনলৈ তেখেতে বিধান সভাৰ সদস্য হিচাপে ধৰ্মপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰে আৰু অসম বিধান সভাৰ বিৰোধী নেতা হিচাপে সেৱা আগবঢ়ায়। শ্ৰী পাটোৱাৰীয়ে ১৯৮৫ চনৰ পৰা ১৯৯০ চনলৈ অসমৰ স্বাস্থ্যমন্ত্ৰী হিচাপে আৰু ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ কৃষিমন্ত্ৰী হিচাপে সেৱা আগবঢ়ায়। ২০০৮ চনৰ পৰা ২০১১ চনলৈ তেখেতে অসম গণ পৰিষদৰ সভাপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰে। ২০১৪ চনত অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰে আৰু তেতিয়াৰ অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি শ্ৰীযুত সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

    তেখেত ২০১৬ চনৰ মে’ মাহত ধৰ্মপুৰ সমষ্টিৰ পৰা জয়ী হয়। শ্ৰীযুত চন্দ্ৰ মোহন পাটোৱাৰীয়ে সম্প্ৰতি পৰিবহণ, সংসদীয় পৰিক্ৰমা, উদ্যোগ আৰু বাণিজ্যৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।