মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবহণ বিভাগ পৰিবহণ আয়ুক্তালয়

নিচা সেৱনকাৰী গাড়ীচালকৰ বিৰুদ্ধে ব্যৱস্থা

নগৰীকৰণ আৰু ইয়াৰ প্ৰভাৱৰ লগেলগে নিচা সেৱন কৰি গাড়ী চলোৱাৰ দৰে পৰিঘটনাৰ উদাহৰণ বৃদ্ধি পাবলৈ ধৰিছে। মটৰ গাড়ী আইনৰ অধীনত নিচাসক্ত হৈ গাড়ী চলোৱাটো এক অপৰাধ।

বৈধ নিচাসেৱনৰ বয়স

ভাৰতত বিভিন্ন ৰাজ্য অনুসৰি মদ্যপানৰ বয়স ১৮ ৰ পৰা ২৫ বছৰ। ইয়াতে উল্লেখ কৰিব পাৰি যে ভাৰতৰ কিছুমান ৰাজ্যত এলক’হল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। উদাহৰণ স্বৰূপে গোৱা, হিমাচল প্ৰদেশ, কৰ্ণাটক আৰু অন্যান্য ৰাজ্যসমূহত এলক’হল সেৱনৰ নূন্যতম বয়স ১৮ বছৰ ধাৰ্য কৰা হৈছে। দিল্লী, হাৰিয়ানা আৰু অন্যান্য ৰাজ্যত এলক’হল সেৱনৰ বৈধ বয়স ২৫ বছৰ ধাৰ্য কৰা হৈছে। অসমত এয়া সেৱনৰ বৈধ বয়স ২১ বছৰ।

মদ্যপান কৰি কৰা গাড়ীচালনাত দেহত এলক’হলৰ পৰিমাণ

উশাহৰ পৰীক্ষাত এগৰাকী গাড়ীচালকৰ শৰীৰৰ প্ৰতি ১০০ মিলিলিটাৰ তেজত ৩০ মিলিগ্ৰামৰ অধিক এলক’হল থকাটো প্ৰমাণিত হ’লে ব্যক্তিগৰাকীয়ে মদ্যপানৰ প্ৰভাৱত গাড়ী চলোৱা বুলি ক’ব পাৰি। এই একে কথাই এনে গাড়ীচালকৰ ক্ষেত্ৰতো প্ৰযোজ্য যি নিচাযুক্ত দ্ৰব্যৰ প্ৰভাৱত গাড়ীৰ সঠিক নিয়ন্ত্ৰণ ৰখাত ব্যৰ্থ হয়।

নিচাসক্ত হৈ গাড়ী চলোৱাৰ শাস্তি

মটৰ গাড়ী আইন ১৯৮৮ ৰ খণ্ড ১৮৫ ত উল্লেখ থকা অনুসৰি ভাৰতত নিচাসক্ত হৈ গাড়ী চলোৱাটো এটা অপৰাধমূলক কাৰ্য্য। মটৰ গাড়ী আইন অনুসৰি নিচাযুক্ত দ্ৰব্য সেৱন কৰি গাড়ী চলোৱাৰ প্ৰথম অপৰাধ হিচাপে ছমাহৰ কাৰাদণ্ড নতুবা ২০০০.০০/- টকালৈ অৰ্থদণ্ড হ’ব পাৰে। দ্বিতীয়তে প্ৰথমবাৰৰ তিনি বছৰৰ ভিতৰত প্ৰায় অনুৰূপ অপৰাধ সংগঠিত কৰিলে এই অপৰাধৰ শাস্তি হিচাপে দুবছৰৰ কাৰাদণ্ড আৰু তিনি হেজাৰ টকাৰ অৰ্থদণ্ডৰ বিধান দিয়া হৈছে।

১৯৮৮ ৰ মটৰ গাড়ী আইনৰ খণ্ড ১৮৫

নিচাসক্ত হৈ গাড়ী চলালে বা যিকোনো নিচাযুক্ত পদাৰ্থৰ প্ৰভাৱত গাড়ী চলালে:

(১) গাড়ী চলাওঁতাজনৰ শৰীৰৰ প্ৰতি ১০০ মিলিলিটাৰ তেজত ৩০ মিলিগ্ৰামৰ অধিক এলক’হলৰ উপস্থিতি উশাহ পৰীক্ষণ যন্ত্ৰৰ সহায়েৰে ধৰা পৰিলে নতুবা

(২) গাড়ী চলাওঁতা ব্যক্তিগৰাকী গাড়ীৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰাকৈ নিচাসক্ত হ’লে এয়া প্ৰথমবাৰ সংঘটিত কৰা অপৰাধ হিচাপে বৰ্ধিত ৰূপত ছমাহলৈ কাৰাদণ্ড হ’ব পাৰে আৰু বৰ্ধিত হাৰত ২০০০.০০/-টকালৈ জৰিমনা হ’ব পাৰে আৰু তিনি বছৰৰ ভিতৰত এই একে অপৰাধৰ পুনৰাবৃত্তি ঘটিলে বা বাৰেবাৰে এনে অপৰাধ সংঘটিত কৰিলে বৰ্ধিত ৰূপত দুবছৰলৈ কাৰাবাস খাটিবলগীয়া হ’ব পাৰে নতুবা বৰ্ধিত ৰূপত ৩০০০.০০/-টকাৰ জৰিমনা হ’ব পাৰে নতুবা দুয়োটাই শাস্তি হ’ব পাৰে।

মটৰ গাড়ী (সংশোধনী) বিল ২০১৬

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত ইউনিয়ন কেবিনেটে শেহতীয়াকৈ মটৰ গাড়ী (সংশোধনী) বিল ২০১৬ ত অনুমোদন আগবঢ়াইছে। এই সংশোধনী বিলত পথ সুৰক্ষাৰ উন্নিতকৰণ আৰু নিচাসক্ত গাড়ীচালকৰ বিৰুদ্ধে অধিক জৰিমনাৰ শাস্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। মটৰ গাড়ী (সংশোধনী) বিল ২০১৬ অনুসৰি নিচাসক্ত হৈ কৰা গাড়ীচালনাৰ জৰিমনা ২,০০০.০০/-টকাৰপৰা ১০,০০০.০০/- টকালৈ বৃদ্ধি কৰা হৈছে।

অধিক তথ্যৰ বাবে : ইয়াত ক্লিক কৰক