জিলা পৰ্যায়ত জিলা পৰিবহণ বিষয়াসকলে আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষৰ সচিবৰূপে কাৰ্য্যনিৰ্বাহ কৰে। আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষৰ সচিব হিচাপে তেওঁ বাণিজ্যিক বাহনসমূহৰ অনুমতি প্ৰদান আৰু অনুজ্ঞাপত্ৰৰ নৱীকৰণৰ দায়িত্বত নিয়োজিত হৈ থাকে।
জিলাসমূহৰ পৰিবহণৰ সৈতে জড়িত বিষয়সমূহ জিলা পৰিবহণ বিষয়াসকলে তেওঁলোকক প্ৰদান কৰা হোৱা ক্ষমতা অনুসৰি সম্পাদন কৰে। এখন জিলাত জিলা পৰিবহণ বিষয়াৰ পদ এটি অতি গুৰুত্বপূৰ্ণ পদ আৰু মটৰ গাড়ী আইন আৰু নিয়মৰ অধীনত এই বিষয়াসকলক কিছুমান অতি গুৰুত্বপূৰ্ণ বিধিগত ক্ষমতা প্ৰদান কৰা হয়।
আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষৰ প্ৰাপ্তন সচিব জিলা পৰিবহণ বিষয়াগৰাকীয়ে মটৰ গাড়ী নিয়ম ১৯৮৯ ৰ অধ্যায় ২ আৰু ৩ ৰ অধীনত এখন জিলাৰ গাড়ী পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ প্ৰদানৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰে। এই জিলা পৰিবহণ বিষয়াগৰাকীয়ে মটৰ গাড়ী আইন আৰু নিয়মৰ অধীনত সকলো প্ৰকাৰৰ চালক আৰু পৰিচালকৰ অনুজ্ঞাপত্ৰ প্ৰদান, মটৰ গাড়ী বিক্ৰেতালৈ ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ প্ৰদান, নতুনকৈ পঞ্জীকৃত বাহনৰ পঞ্জীয়ন চিহ্নৰ এচাইনমেণ্ট, বিভিন্ন ধৰণৰ কৰ আৰু মাচুল সংগ্ৰহ আদি দিশত একমাত্ৰ দায়িত্বশীল ব্যক্তি। আঞ্চলিক পঞ্জীয়ন কৰ্তৃপক্ষৰ সচিব হিচাপে তেওঁ বিভিন্ন শ্ৰেণীৰ পৰিবহণ বাহনসমূহ চালনাৰ বাবে পথ অনুজ্ঞা প্ৰদান কৰে আৰু এই অনুজ্ঞাপত্ৰসমূহৰ নৱীকৰণ কৰে। ‘এমভিআই’ ৰ কৰ্ম ক্ষমতাৰে তেওঁ কাৰ্য্যালয়ৰ সমূহ ব্যৱস্থা মসৃণ ৰূপত পৰিচালিত কৰাৰ দায়িত্ব গ্ৰহণ কৰে। মটৰ গাড়ী আইন ১৯৮৮ ৰ অধীনত যান-বাহনৰ নিয়ম উলংঘনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষমতা তেওঁক প্ৰদান কৰা হৈছে।
মুখ্য কাৰ্য্যালয় | সংমণ্ডল | জিলা পৰিবহণ কাৰ্য্যালয় |
---|---|---|
গুৱাহাটী | নামনি অসম সংমণ্ডল | কামৰূপ মেট্ৰ’ (আৰ এণ্ড এল), কামৰূপ মেট্ৰ’ (এনফ’ৰ্চমেণ্ট) কামৰূপ মেট্ৰ’ (আৰ টি এ), কামৰূপ গ্ৰাম্য, নলবাৰী, বৰপেটা, বঙাইগাওঁ, গোৱালপাৰা, ধুবুৰী |
যোৰহাট | উজনি অসম সংমণ্ডল | (১) তিনিচুকীয়া, (২) ডিব্ৰুগড়, (৩) যোৰহাট, (৪) গোলাঘাট, (৫) নগাওঁ |
তেজপুৰ | মধ্য অসম সংমণ্ডল | (১) ধেমাজী, (২) লখিমপুৰ, (৩) শোণিতপুৰ, (৪) দৰং, (৫) মৰিগাওঁ |
শিলচৰ | বৰাক উপত্যকা আৰু পাৰ্বত্য অঞ্চল সংমণ্ডল | (১) কাছাৰ, (২) হাইলাকান্দি, (৩) কৰিমগঞ্জ, (৪) কাৰ্বি আংলং, (৫) ডিমা হাছাও |
কোকৰাঝাৰ | বড়োলেণ্ড জিলা | (১) কোকৰাঝাৰ, (২) চিৰাং, (৩) বাগসা, (৪) ওদালগুৰি |
জিলা পৰিবহণ কাৰ্য্যালয় | ঠিকনা |
---|---|
জিলা পৰিবহণ কাৰ্য্যালয়, কামৰূপ | জিলা পৰিবহণ কাৰ্য্যালয়, কামৰূপ, বেতকুছি, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, গুৱাহাটী ৩৪ দূৰভাষ: (০৩৬১) ২৪৩১৩৭৬ জিলা পৰিবহণ কাৰ্য্যালয়, আৰ টি এ, কামৰূপ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, গুৱাহাটী-৩৪ জিলা পৰিবহণ কাৰ্য্যালয়, কামৰূপ (এনফ’ৰ্চমেণ্ট) বেতকুছি, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, গুৱাহাটী ৩৪ জিলা পৰিবহণ কাৰ্য্যালয়, কামৰূপ গ্ৰাম্য জিলা আমিনগাওঁ, উত্তৰ গুৱাহাটী গুৱাহাটী ৩১ |
জিলা পৰিবহণ কাৰ্য্যালয়, নগাওঁ | জিলা পৰিবহণ কাৰ্য্যালয়, অসম ৰাজ্যিক পৰিবহণ নিগম চৌহদ ডাকঘৰ: নগাওঁ, জিলা: নগাওঁ, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, যোৰহাট | জিলা পৰিবহণ কাৰ্য্যালয়, গড়আলি, ডাকঘৰ: যোৰহাট, জিলা: যোৰহাট, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, শিৱসাগৰ | জিলা পৰিবহণ কাৰ্য্যালয় ৰংঘৰ চাৰিআলি, ডাকঘৰ: শিৱসাগৰ, জিলা: শিৱসাগৰ, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, গোলাঘাট | জিলা পৰিবহণ কাৰ্য্যালয় আৰেংগাপাৰা, ৱাৰ্ড নং ১, ডাকঘৰ: গোলাঘাট, জিলা: গোলাঘাট, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, ডিব্ৰুগড় | জিলা পৰিবহণ কাৰ্য্যালয় এ টি ৰোড, ফুল বাগান, ডাকঘৰ: ডিব্ৰুগড়, জিলা: ডিব্ৰুগড়, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, লখিমপুৰ | জিলা পৰিবহণ কাৰ্য্যালয় ফণিন্দ্ৰ পথ, ডাকঘৰ: উত্তৰ লখিমপুৰ, জিলা: উত্তৰ লখিমপুৰ, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল | ডেপুটি আয়ুক্তৰ কাৰ্য্যালয়, হাফলং, উত্তৰ কাছাৰ পাৰ্বত্য, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, কাৰ্বি আংলং | জিলা পৰিবহণ কাৰ্য্যালয় ডিফু, ডাকঘৰ: ডিফু, জিলা: কাৰ্বি আংলং, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, কৰিমগঞ্জ | জিলা পৰিবহণ কাৰ্য্যালয় ষ্টীমাৰ ঘাট পথ, ডাকঘৰ: কৰিমগঞ্জ, জিলা: কৰিমগঞ্জ, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, কাছাৰ | জিলা পৰিবহণ কাৰ্য্যালয় পাৰ্ক ৰোড, ডাকঘৰ: শিলচৰ, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, শোণিতপুৰ | জিলা পৰিবহণ কাৰ্য্যালয় ডাকঘৰ: তেজপুৰ, জিলা: শোণিতপুৰ, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, দৰং | জিলা পৰিবহণ কাৰ্য্যালয় ডাকঘৰ: মঙলদৈ, জিলা: দৰং, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, নলবাৰী | জিলা পৰিবহণ কাৰ্য্যালয় ডাকঘৰ: নলবাৰী, জিলা: নলবাৰী, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, বৰপেটা | জিলা পৰিবহণ কাৰ্য্যালয় ডাকঘৰ: বৰপেটা, জিলা: বৰপেটা, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, কোকৰাঝাৰ | জিলা পৰিবহণ কাৰ্য্যালয় ডাকঘৰ: কোকৰাঝাৰ, জিলা: কোকৰাঝাৰ, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, ধুবুৰী | জিলা পৰিবহণ কাৰ্য্যালয় ডাকঘৰ: ধুবুৰী, জিলা: ধুবুৰী, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, গোৱালপাৰা | জিলা পৰিবহণ কাৰ্য্যালয় আগিয়া পথ, ভালুকডুবী, ডাকঘৰ: বলদমাৰী, জিলা: গোৱালপাৰা, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, বঙাইগাওঁ | জিলা পৰিবহণ কাৰ্য্যালয় টি আৰ ফুকন পথ, ডাকঘৰ: বঙাইগাওঁ, জিলা: বঙাইগাওঁ, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, মৰিগাওঁ | জিলা পৰিবহণ কাৰ্য্যালয় মৰিগাওঁ নগাওঁ পথ, ডাকঘৰ: মৰিগাওঁ, জিলা: মৰিগাওঁ, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, ধেমাজী | জিলা পৰিবহণ কাৰ্য্যালয় ডাকঘৰ: ধেমাজী, জিলা: ধেমাজী, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, তিনিচুকীয়া | জিলা পৰিবহণ কাৰ্য্যালয় এ টি ৰোড, ডাকঘৰ: তিনিচুকীয়া, জিলা: তিনিচুকীয়া, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, হাইলাকান্দি | জিলা পৰিবহণ কাৰ্য্যালয় ডাকঘৰ: হাইলাকান্দি, জিলা: হাইলাকান্দি, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, চিৰাং | জিলা পৰিবহণ কাৰ্য্যালয় ডাকঘৰ: ঢালিগাওঁ, জিলা: চিৰাং, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, ওদালগুৰি | জিলা পৰিবহণ কাৰ্য্যালয় ডাকঘৰ: ওদালগুৰি, জিলা: ওদালগুৰি, অসম |
জিলা পৰিবহণ কাৰ্য্যালয়, বাকসা | জিলা পৰিবহণ কাৰ্য্যালয় মুচলপুৰ কদমতল পথ, ডাকঘৰ: মুচলপুৰ, জিলা: বাকসা, অসম |