মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবহণ বিভাগ পৰিবহণ আয়ুক্তালয়

অসমত মটৰ গাড়ী খাজনাৰ গঠন

মটৰ গাড়ী খাজনাৰ গঠনৰ বৈশিষ্ট্যসমূহ

  • ব্যক্তিগত বাহনৰ ক্ষেত্ৰত একেবাৰতে ১৫ বছৰলৈ খাজনা প্ৰদানৰ সুবিধা।
  • পথ সুৰক্ষা কৰ ১%
  • বাণিজ্যিক বাহনৰ ক্ষেত্ৰত বছৰৰ চাৰি ভাগত বা বছৰেকীয়াকৈ কৰ প্ৰদান ব্যৱস্থা।

অসমৰ মটৰ গাড়ীৰ কৰ সূচী

নতুন ব্যক্তিগত চাৰিচকীয়া বাহন
বাহনৰ বিৱৰণএকেবাৰতে ১৫ বছৰলৈ প্ৰদান কৰা খাজনাৰ পৰিমাণ১৫ বছৰৰ পিছত প্ৰতি পাঁচ বছৰৰ বাবে খাজনা
প্ৰকৃত খৰচ প্ৰায় ৩ লক্ষ টকাপ্ৰকৃত খৰচৰ ৩%৫,০০০.০০ টকা
প্ৰকৃত খৰচ প্ৰায় ১৫ লক্ষ টকালৈপ্ৰকৃত খৰচৰ ৪%৭,০০০.০০ টকা
প্ৰকৃত খৰচ মূল্য ১৫ লক্ষ টকাৰ অধিকপ্ৰকৃত খৰচৰ ৫%১০,০০০.০০ টকা
প্ৰকৃত খৰচ মূল্য ২০ লক্ষ টকাৰ অধিকপ্ৰকৃত খৰচৰ ৭%১২,০০০.০০ টকা
অসমত পঞ্জীয়ন কৰিবলগীয়া পুৰণি গাড়ী যি অন্য ৰাজ্যৰ পৰা স্থানান্তৰিত কৰা হয়নতুন গাড়ীৰ বাবে প্ৰতি বছৰে ৭ শতাংশ হাৰত একেবাৰতে নিৰ্ধাৰিত খাজনা প্ৰদান নিশ্চিত কৰাৰ ব্যৱস্থা যি বৰ্তমানৰ মূল্যৰ একে তালিকাত অন্তৰ্ভুক্ত। 

দ্ৰষ্টব্য: সেনাবাহিনী বা কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্ভুক্ত বিষয়াসকলৰ ব্যক্তিগত বাহন যি স্থানান্তৰিতকৰণৰ ফলত অস্থায়ী ৰূপত ৰাজ্যলৈ আহে তেনে বাহনৰ ক্ষেত্ৰত কৰ ৰেহাই দিয়া হয় কাৰণ তেনে বাহনৰ কৰ বা খাজনা অন্য ৰাজ্যত ইতিমধ্যেই প্ৰদান কৰা হয়।

খ. ব্যক্তিগত দুচকীয়া আৰু তিনিচকীয়া বাহনৰ এককালীন খাজনা প্ৰদান ব্যৱস্থা

 
প্ৰথমবাৰ পঞ্জীয়ন কৰিবলগীয়া নতুন বাহন১৫ বছৰৰ বাবে এককালীন খাজনাৰ পৰিমাণ১৫ বছৰৰ পিছত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে প্ৰদান কৰিবলগীয়া খাজনাৰ পৰিমাণ
৬৫ কিলোগ্ৰামতকৈ কম ওজন (মালবস্তু নথকা অৱস্থাত)১৫০০ টকা৫০০ টকা
৬৫ কিলোগ্ৰামৰ পৰা ৯০ কিলোগ্ৰামলৈ (ওজন নোলোৱা অৱস্থাত)২৫০০ টকা৭০০ টকা
৯০ কিলোগ্ৰামৰ পৰা ১৩৫ কিলোগ্ৰামলৈ (ওজন নোলোৱা অৱস্থাত)৩৫০০ টকা১০০০ টকা
১৩৫ কিলোগ্ৰামৰ ওপৰত৪০০০ টকা১০০০ টকা
তিনিটা চকাযুক্ত বাহন৩৫০০ টকা১০০০ টকা
দুচকীয়া বা তিনিচকীয়া বাহনত সংযোগ কৰা ট্ৰেলাৰ বা মালবস্তু কঢ়িওৱা গাড়ী১০০০ টকা 
অন্য ৰাজ্যৰ পৰা স্থানান্তৰ কৰা আৰু অসমত পঞ্জীয়ন কৰিবলগীয়া পুৰণি গাড়ীনতুন গাড়ীৰ বাবে প্ৰতি বছৰে ৭ শতাংশ হাৰত একেবাৰতে নিৰ্ধাৰিত খাজনা প্ৰদান নিশ্চিত কৰাৰ ব্যৱস্থা যি বৰ্তমানৰ মূল্যৰ একে তালিকাত অন্তৰ্ভুক্ত। 

গ. তিনিটা চকাযুক্ত বাণিজ্যিক বাহনৰ এককালীন খাজনা প্ৰদান ব্যৱস্থা (যাত্ৰীবাহী আৰু মালবাহী বাহন)

এই খাজনা ব্যৱস্থা দহ বছৰৰ বাবে কৰি লোৱা হয়। লগতে পাঁচ বছৰৰ চলোৱাৰ অনুমতিপত্ৰও উলিয়াই লোৱা হয়।

ঘ. পঞ্জীয়নৰ পিছত সেয়া বাতিল হ’লে প্ৰদান কৰা এককালীন খাজনাৰ প্ৰত্যৰ্পণ

 (১) অসমত পঞ্জীয়ন কৰা দুচকীয়া, তিনিচকীয়া আৰু চাৰিচকীয়া ব্যক্তিগত বাহন যি পঞ্জীয়ন বাতিলকৰণৰ পিছত অসমৰ পৰা স্থায়ীভাৱে স্থানান্তৰিত কৰা হয় সেই বাহনৰ এককালীনভাৱে প্ৰদান কৰা খাজনাৰ ৭% হ্ৰাস হাৰত লাভ কৰাৰ বাবে দাবী উত্থাপন কৰিব পাৰে।
 
(২) তিনিটা চকাযুক্ত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত প্ৰদান কৰা এককালীন খাজনাৰ ধন প্ৰত্যাৰ্পণ কৰা নহয়।
 

বাণিজ্যিক ব্যৱহাৰৰ যাত্ৰীবাহী বাহন

বাহনৰ বিবৰণবছৰেকীয়া খাজনাতিনিমহীয়া খাজনা
তিনিগৰাকী বা তাতোকৈ কম যাত্ৰী কঢ়িয়াব পৰা তিনিটা চকাযুক্ত বাহন১০০০.০০/-টকা৩০০.০০/-টকা
চাৰিগৰাকীৰ পৰা ছয়গৰাকীলৈ যাত্ৰী কঢ়িয়াব পৰা তিনিটা চকাযুক্ত বাহন২০০০.০০/-টকা৬০০.০০/-টকা
ছয় গৰাকী নতুবা তাতোকৈ কম যাত্ৰী কঢ়িয়াব পৰা এখন চহৰ নতুবা এটা অঞ্চলত চলোৱাৰ অনুজ্ঞাপ্ৰাপ্ত চাৰিটা চকাযুক্ত বাহন২৭৫০.০০/-টকা৭৫০.০০/-টকা
ছয় গৰাকী বা তাতোকৈ কম যাত্ৰী কঢ়িয়াব পৰা সমগ্ৰ ৰাজ্যত চলোৱাৰ অনুজ্ঞাপ্ৰাপ্ত চাৰিটা চকাযুক্ত বাহন৫০০০.০০/-টকা১৩৫০.০০/-টকা
সাতগৰাকীৰ পৰা বাৰগৰাকীলৈ যাত্ৰী কঢ়িয়াব পৰা ক্ষমতাসম্পন্ন বাহন৬০০০.০০/-টকা১৬০০.০০/-টকা
তেৰগৰাকীৰ পৰা ত্ৰিশগৰাকীলৈ যাত্ৰী কঢ়িয়াব পৰা ক্ষমতাসম্পন্ন বাহন৮০০০.০০/-টকা২২০০.০০/-টকা
ত্ৰিশগৰাকীতকৈ অধিক যাত্ৰী কঢ়িয়াব পৰা ক্ষমতাসম্পন্ন বাহন৮০০০.০০/-টকা + ত্ৰিশৰ ওপৰত প্ৰতিটো আসনৰ বাবে ৯০.০০/-টকা২২০০.০০/-টকা + ত্ৰিশৰ ওপৰত প্ৰতিটো আসনৰ বাবে ২৩.০০/-টকা
ওমনি পৰ্যটন বাছ১৪০০০.০০/-টকা৩৫০০.০০/-টকা
ত্ৰিশগৰাকীতকৈ অধিক যাত্ৰী কঢ়িয়াব পৰা ক্ষমতাসম্পন্ন ডিলাক্স এক্সপ্ৰেছ বাছ (জাননী নম্বৰ TMV.251/97/01, ইংৰাজী 16/12/97 তাৰিখে চৰকাৰৰ পৰিবহণ বিভাগে নিৰ্ধাৰণ কৰা অনুসৰি)১০,০০০.০০/-টকা + ৩১ ৰ ওপৰৰ প্ৰতি আসনৰ বাবদ ১০০.০০/-টকা২৫০০.০০/-টকা + ৩১ ৰ ওপৰৰ প্ৰতি আসনৰ বাবদ ২৫.০০/-টকা
সদৌ অসম ছুপাৰ ডিলাক্স চুক্তিসাপেক্ষ বাহন৫০,০০০.০০/-টকা১২,৫০০.০০/-টকা