মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবহণ বিভাগ পৰিবহণ আয়ুক্তালয়

চালকৰ অনুজ্ঞাপত্ৰ (উলিওৱা/নৱীকৰণ কৰা)

অৱলোকন

ৰাজহুৱা স্থানত মটৰ গাড়ী চালনা কৰিবলৈ গাড়ীচালক গৰাকীৰ পঞ্জীয়ন কৰ্তৃপক্ষই প্ৰদান কৰা বৈধ চালকৰ অনুজ্ঞাপত্ৰ থাকিবই লাগিব। চালকৰ অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলোৱাটো এক বেআইনী কাৰ্য্য। ঠিক একেধৰণে পৰিবহণ বা বাণিজ্যিক বাহনৰ ক্ষেত্ৰত চালকৰ অনুজ্ঞাপত্ৰত অনুমতি প্ৰদান নকৰা পৰ্যন্ত ৰাজহুৱা স্থানত এনে বাহন চালকে চলাব নোৱাৰে। বিভিন্ন জিলাত কৰ্মৰত হৈ থকা পৰিবহণ বিষয়াসকল অসমত চালকৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা প্ৰধান বিষয়া।

বয়সৰ সীমা

অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰী গৰাকীৰ বয়স ১৮ বছৰ হ’ব লাগে। বাণিজ্যিক বাহন চালনাৰ বাবে অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ আবেদনকাৰী গৰাকীৰ বয়স ২১ বছৰ হ’ব লাগে। ১৬ বছৰীয়া এগৰাকী ব্যক্তিক ৰাজহুৱা স্থানত মটৰ চাইকেল চলোৱাৰ অনুমতি প্ৰদান কৰা হয় যদিও তেওঁ চালনা কৰা মটৰ চাইকেলৰ ইঞ্জিন ক্ষমতা ৫০চিচি ৰ অধিক হ’ব নালাগে।

অনুজ্ঞাপত্ৰৰ প্ৰকাৰ

ক) শিকাৰুৰ অনুজ্ঞাপত্ৰ।

খ) চালকৰ অনুজ্ঞাপত্ৰ।

গ) আন্তৰ্জাতিক গাড়ী চালনাৰ অনুজ্ঞা।

উভয় প্ৰকাৰৰ অনুজ্ঞাপত্ৰৰ সবিশেষ তলত দিয়া হ’ল-