এগৰাকী আবেদনকাৰী যিয়ে অন্ততঃ ৩০ দিনৰ বাবে বৈধ শিকাৰু অনুজ্ঞাপত্ৰ লাভ কৰে নতুবা শিকাৰুৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ ১৮০ দিনৰ ভিতৰত স্থায়ী চালকৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰে।
সূচী ১, ২, ৩, ৪ আৰু ৫ ত দিয়া আবেদনপত্ৰ আবেদনকাৰীয়ে ডাউনলোড কৰি ল’ব লাগে আৰু দাখিল কৰিব লাগে। এই আবেদনপত্ৰ নিৰ্ধাৰিত নথি প্ৰমাণসমূহৰে সৈতে দাখিল কৰিব লাগে।
বৈধ শিকাৰুৰ প্ৰমাণপত্ৰ।
তিনিকপি শেহতীয়া আকাৰৰ পাছপোৰ্ট ফটো।
বয়স আৰু ঠিকনা প্ৰমাণ।
পৰিবহণ বা বাণিজ্যিক বাহনৰ ক্ষেত্ৰত গাড়ীচালনা প্ৰশিক্ষণ বিদ্যালয়ৰ পৰা উলিওৱা প্ৰ-পত্ৰ ৫ ত ইয়াৰ প্ৰমাণপত্ৰ গাঁথি দিব লাগে।
শ্ৰেণী অনুমোদনৰ বাবে প্ৰকৃত অনুজ্ঞাপত্ৰ।
পুলিচ পৰীক্ষা।
মটৰ গাড়ী নিয়ম ১৯৮৯ ৰ নিয়ম ১৫ অনুসৰি প্ৰ-পত্ৰসমূহৰ পৰীক্ষণ সম্পন্ন হোৱাৰ পিছত অনুজ্ঞাপত্ৰৰ আবেদনকাৰীগৰাকীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে। এই গাড়ীচালনাৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ গাড়ীৰ গৰাকীয়ে গাড়ীখনৰে সৈতে জিলা পৰিবহণ কাৰ্য্যালয়ত উপস্থিত হ’ব লাগে। ইয়াতে মটৰ গাড়ীৰ ইনস্পেক্টৰে আবেদনকাৰীগৰাকীৰ গাড়ীচালনাৰ কৌশল, যান-বাহন নীতি-নিয়মৰ জ্ঞানৰ পৰীক্ষা লয়। এই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’লে আবেদনকাৰীগৰাকীলৈ গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয়।
এখন অনুজ্ঞাপত্ৰৰ ম্যাদ সাধাৰণতে ২০ বছৰলৈ বৰ্তি থাকে অৰ্থাৎ বয়স অনুসৰি এগৰাকী ব্যক্তি প্ৰায় ৫০ বছৰ বয়স হোৱালৈ অনুজ্ঞাপত্ৰৰ ম্যাদ বৰ্তি থাকে। কিন্তু বাণিজ্যিক বাহনৰ অনুজ্ঞাপত্ৰৰ ম্যাদ মাথো তিনি বছৰলৈ বৰ্তি থাকে।
যিকোনো প্ৰকাৰৰ অসুবিধা বা শাস্তিমূলক ব্যৱস্থাৰ পৰা হাত সাৰিবলৈ স্থায়ী গাড়ীচালনাৰ অনুজ্ঞাপত্ৰৰ ম্যাদ উকলি যোৱাৰ ৩০ দিনৰ ভিতৰত অনুজ্ঞাপত্ৰৰ নৱীকৰণৰ বাবে আবেদন কৰিব লাগে। গাড়ীচালনাৰ অনুজ্ঞাপত্ৰৰ নৱীকৰণৰ বাবে তলত উল্লিখিত নথিসমূহৰ প্ৰয়োজন-
সূচী ৩ ত আবেদনপত্ৰ।
নিয়ম ৩২ অনুসৰি কোনো শাস্তিমূলক কাৰণৰ সৃষ্টি হ’লে নতুবা মাচুলৰ বাবদ ১০০ টকা।
দুকপি পাছপোৰ্ট আকাৰৰ ফটো।
বয়স আৰু ঠিকনাৰ প্ৰমাণ।
সূচী ২ ত চিকিৎসালয় প্ৰমাণপত্ৰ।
বাণিজ্যিক বাহনৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰমাণপত্ৰৰ নৱীকৰণ।
গাড়ীচালকৰ প্ৰকৃত অনুজ্ঞাপত্ৰ হেৰালে বা কেনেবাকৈ নষ্ট হ’লে অবিকল অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰি। ইয়াৰ বাবে প্ৰকৃত অনুজ্ঞাপত্ৰ মুকলি কৰি দিয়া জিলা পৰিবহণ বিষয়াগৰাকীৰ ওচৰত অবিকল অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব লাগে।
অবিকল অনুজ্ঞাপত্ৰ লাভৰ আবেদনৰ বাবে নিম্নলিখিত নথিপত্ৰৰ প্ৰয়োজন -
সূচী ৩ ত আবেদনৰ প্ৰ-পত্ৰ।
হেৰুৱা অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত আৰক্ষীৰ প্ৰতিবেদন।
প্ৰকৃত অনুজ্ঞাপত্ৰ ফাটিলে বা নষ্ট হ’লে ইয়াক প্ৰদৰ্শন কৰিব লাগে।
২০ টকাৰ মাচুল প্ৰদান কৰিব লাগে।
যদি এগৰাকী ব্যক্তি মটৰ চাইকেল বা স্কুটাৰৰ বৈধ অনুজ্ঞাপত্ৰৰ গৰাকী হয় তেতিয়াহ’লে তেওঁ কম ওজনৰ মটৰ গাড়ীৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰে। অন্যান্য শ্ৰেণীৰ বাহনৰ বাবে তেওঁ বসবাস কৰা অঞ্চলৰ অন্তৰ্গত জিলা পৰিবহণ কাৰ্য্যালয়ত তলত উল্লিখিত নথিপত্ৰৰে সৈতে আবেদন কৰিব লাগে:
বৈধ গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ।
বৈধ শিকাৰুৰ প্ৰমাণপত্ৰ।
সূচী ৪ ত আবেদন প্ৰ-পত্ৰ।
পৰিবহণ বাহনৰ ক্ষেত্ৰত প্ৰ-পত্ৰ ৫ ত গাড়ীচালনা প্ৰমাণপত্ৰ দাখিল।
পৰিবহণ বাহনৰ ক্ষেত্ৰত সূচী ২ ত চিকিৎসালয় প্ৰমাণপত্ৰ।
নিৰ্ধাৰিত মাচুল।
আন্তঃৰাষ্ট্ৰীয় গাড়ীচালনাৰ অনুমতিৰ অৰ্থ হৈছে জিলা পৰিবহণ বিষয়াই উলিয়াই দিয়া চালকৰ অনুজ্ঞাপত্ৰ। সেইসকল অনুজ্ঞাপত্ৰধাৰীলৈ এনে অনুমতি পত্ৰ প্ৰদান কৰা হয় যিসকলৰ বৈধ ভাৰতীয় অনুজ্ঞাপত্ৰ থাকে। এই অনুজ্ঞাপত্ৰৰ সহায়েৰে এগৰাকী চালকে ভাৰতীয় উপমহাদেশৰ ভিতৰত বাহন চালনা কৰিব পাৰে। ভাৰতৰ বাহিৰত যিসমূহ দেশৰ সৈতে কূতনৈতিক সম্পৰ্ক নাই সেই দেশসমূহক ইয়াত অন্তৰ্ভুক্ত কৰা নহয় বা তেনে দেশত গাড়ীচালনাৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰা নহয়। আন্তঃৰাষ্ট্ৰীয় গাড়ীচালনাৰ অনুজ্ঞা লাভ কৰিবলৈ তলত উল্লেখ কৰা নথিপত্ৰসমূহৰ প্ৰয়োজন-
সম্প্ৰতি লগত থকা গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ। ইয়াৰ ম্যাদ উকলিবলৈ অন্ততঃ এবছৰ থকা অৱস্থাত ইয়াক দাখিল কৰিব লাগে।
পাছপোৰ্ট আৰু ভিছাৰ ফটোকপি।
আবেদন প্ৰ-পত্ৰ ৫।
নিৰ্ধাৰিত মাচুল ৫০০ টকা।
চিকিৎসা প্ৰ-পত্ৰ ২।
পাঁচ কপি পাছপোৰ্ট আকাৰৰ ফটো।
ঠিকনা প্ৰমাণৰ প্ৰমাণিত প্ৰতিলিপি।
সূচী ১ | মটৰ গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ আবেদনৰ প্ৰ-পত্ৰ | ডাউনলোড |
সূচী ২ | চিকিৎসালয় প্ৰমাণপত্ৰ | ডাউনলোড |
সূচী ৩ | গাড়ীচালনাৰ অনুজ্ঞাপত্ৰৰ নৱীকৰণৰ বাবে আবেদনৰ প্ৰ-পত্ৰ | ডাউনলোড |
সূচী ৪ | নতুন শ্ৰেণীৰ গাড়ী চলাবৰ বাবে অতিৰিক্ত অনুজ্ঞা অনুজ্ঞাপত্ৰৰ সৈতে সংযোজন। | ডাউনলোড |
সূচী ৫ | বিদেশত গাড়ী চলাবলৈ আন্তঃৰাষ্ট্ৰীয় গাড়ীচালনাৰ অনুমতিপত্ৰ উলিয়াবলৈ আবেদনৰ প্ৰ-পত্ৰ | ডাউনলোড |
সূচী ৬ | প্ৰ-পত্ৰ ৫ | ডাউনলোড |