হাই ছিকিয়ৰিটী ৰেজিষ্ট্ৰেশ্যন প্লেট বা উচ্চ সুৰক্ষা পঞ্জীয়ন প্লেট হৈছে মানদণ্ডপূৰ্ণ অনুজ্ঞা প্লেট যি ভাৰতৰ উচ্চতম ন্যায়ালয়ে মটৰ গাড়ীৰ গৰাকীসকলৰ বাবে বাধ্যতামূলক কৰাৰ পিছত ২০১২ চনৰ ১ মে’ৰ পৰা দিবলৈ আৰম্ভ কৰা হয়। দেশত মটৰ গাড়ীৰ গৰাকী এগৰাকীৰ গাড়ীৰ পঞ্জীয়ন নম্বৰ প্ৰদৰ্শন কৰিবলৈ এই প্লেটে এটি ইউনিফৰ্ম পেটাৰ্ন বা সম আৰ্হি গঠন কৰে।
এই এইছএছআৰপি প্লেটসমূহ এলুমিনিয়ামেৰে তৈয়াৰী। সাধাৰণ পঞ্জীয়ন নম্বৰতকৈ ইয়াত অধিক বিতং ৰূপত তথ্যসমূহ থাকে। ইয়াত এটা সাত সংখ্যাৰ লেজাৰ কোড থাকে, নকল কৰা বা জালকৰণ প্ৰতিৰোধ কৰিবলৈ ইয়াত এটা চক্ৰ হল’গ্ৰাম থাকে, গৰাকীৰ গাড়ীৰ ইঞ্জিন আৰু আকৃতিৰ নম্বৰ সন্নিৱিষ্ট এটি স্বয়ং ধ্বংসপ্ৰাপ্ত বা ছেলফ ডেষ্ট্ৰাক্টিভ এটি ষ্টিকাৰ থাকে। ভাৰত ‘IND’ বুলি নীলা আখৰেৰে লিখা থাকে। ৪৫ ডিগ্ৰি কোণত India বুলি নম্বৰ প্লেটৰ আখৰ আৰু সংখ্যাৰ ওপৰত লিখা থাকে। এইছএছআৰপি প্লেটসমূহৰ আন এটা বৈশিষ্ট্য হৈছে ইয়াৰ লকৰ ওপৰত এটা অপসাৰণ কৰিব নোৱাৰা বা আঁতৰাব নোৱাৰা স্নেপ থাকে। যদি এয়া কিবাকৈ অপসাৰিত কৰা বা আঁতৰোৱা হয় তেতিয়াহ’লে এই স্নেপ পুনৰবাৰ ব্যৱহাৰ কৰিব নোৱাৰি।
পুৰণি নম্বৰ প্লেটসমূহৰ অপব্যৱহাৰ কৰিবলৈ সহজ আছিল যাৰ ফলত গাড়ী চুৰীৰ অপৰাধ বৃদ্ধি পাইছিল। সেইবাবে ইউনিফৰ্ম ষ্টাইল বা সম আৰ্হিৰ এইছএছআৰপি প্লেট ব্যৱহাৰৰ ব্যৱস্থা অনা হয়। এইছএছআৰপি নম্বৰ প্লেটসমূহ কোনেও অপব্যৱহাৰ কৰিব নোৱাৰে লগতে গাড়ী চুৰী নিবাৰকৰূপে ই সেৱা আগবঢ়ায়।
এইছএছআৰপি সুবিধাই মটৰ গাড়ীসমূহৰ এটি ৰাষ্ট্ৰীয় তথ্য তৈয়াৰ কৰাত সহায় কৰে। বৰ্তমানে এনে সকলো তথ্য হস্ত পৰিচালনা কৰা হয় যি দেশৰ যানবাহনসমূহৰ তথ্য ৰখাৰ অতি পুৰণিকলীয়া ব্যৱস্থা হিচাপে পৰিগণিত। এইছএছআৰপি ব্যৱস্থা আনকি ভিতৰুৱা গ্ৰাম্য অঞ্চলত বসবাস কৰা গাড়ীৰ গৰাকীৰ বাবেও বাধ্যতামূলক।
এইছএছআৰপি প্লেটসমূহ উচিত দামৰ আৰু খৰচ ৰাহিকাৰক। চাৰিচকীয়া বাহনৰ এইছএছআৰপি প্লেটৰ বাবে বাহনৰ গৰাকীয়ে ৩৩৪ টকা আৰু দুচকীয়া বাহনৰ এইছএছআৰপি প্লেটৰ বাবে গৰাকীয়ে ১১১ টকা খৰচ কৰিব লাগে। বাণিজ্যিক বাহনৰ ক্ষেত্ৰত এইছএছআৰপি প্লেটৰ বাবে ১৩৪ টকা খৰচ কৰিব লাগে আৰু গধুৰ বাহনৰ ক্ষেত্ৰত এইছএছআৰপি প্লেটৰ বাবে ২৫৮ টকা খৰচ কৰিবলগীয়া হয়। এইছএছআৰপি পাঁচ বছৰৰ গ্যাৰাণ্টীৰ সুবিধাৰে সৈতে উপলব্ধ হয়।
এইছএছআৰপি প্ৰয়োগৰ বাবে সৰ্বোচ্চ পাঁচ মিনিট সময়ৰ প্ৰয়োজন হয়।
কামৰূপ মহানগৰ জিলাৰ পৰিবহণ কাৰ্য্যালয়ে মটৰ গাড়ীৰ গৰাকীক এনে নম্বৰ প্লেট লাভ কৰাত সহায় কৰিবৰ উদ্দেশ্যে ছয়টা কেন্দ্ৰত এইছএছআৰপি প্লেট উপলব্ধ কৰাইছে। কামৰূপ মহানগৰ জিলাত এই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছে। এই কাৰ্য্যত ব্যৰ্থ হোৱা ব্যক্তিক দেখা মাত্ৰেই ১০০০ টকাৰ অৰ্থদণ্ড বিহাৰ ব্যৱস্থা কৰা হয়।
এই সেৱা প্ৰদানৰ বাবে জিলা পৰিবহণ কাৰ্য্যালয়ৰ দ্বাৰা ঠিক কৰা কেন্দ্ৰ ছটা হৈছে :
বশিষ্ঠ চাৰিআলিত থকা ওজা হুণ্ডাই,
গণেশগুৰিত থকা চিটি জেন
আদাবাৰীত থকা অটো চিলেকশ্যন
আঠগাওঁত থকা শেঠ অটোম’বাইলছ,
আদাবাৰীত থকা অভিষেক মটৰছ,
নিৰ্মাণকাৰী তথা সৰবৰাহকাৰীসকলৰ বাবে:
অধিক তথ্য জানিবৰ বাবে: ইয়াত ক্লিক কৰক।