এখন মটৰ গাড়ী চালনা কৰাৰ বাবে প্ৰথম পদক্ষেপ হৈছে শিকাৰুৰ অনুজ্ঞাপত্ৰ লাভ। শিকাৰুৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ আবেদনকাৰীগৰাকীয়ে তেওঁ বসবাস কৰা বা কাৰ্য্যনিৰ্বাহ কৰা এলেকাত থকা অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিব লাগে। শিকাৰুৰ অনুজ্ঞাপত্ৰ এক অস্থায়ী অনুজ্ঞাপত্ৰ যি মাথো ৬ মাহলৈ বৈধ হৈ থাকে আৰু এই অনুজ্ঞাপত্ৰ শিকাৰুয়ে মাথো গাড়ীচালনা শিকিবলৈ প্ৰদান কৰা হয়।
শিকাৰুৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ তেওঁ বসবাস কৰা এলেকাত অৱস্থিত অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষ বা জিলা পৰিবহণ বিষয়াৰ ওচৰত আবেদন কৰিব লাগে।
সূচী ১ আৰু সূচী ২ ত আবেদনৰ বাবে প্ৰ-পত্ৰ প্ৰদান কৰা হয়।
সূচী ১ আৰু ২ ত নিৰ্দেশনা প্ৰদান কৰা অনুসৰি আবেদনপত্ৰৰ সৈতে তলত দিয়া নথিপত্ৰসমূহ গাঁথি দিব লাগে-
(১) জন্মৰ প্ৰমাণপত্ৰ।
(২) বিদ্যালয় প্ৰমাণপত্ৰ।
(৩) আবেদনকাৰীৰ বয়সৰ ক্ষেত্ৰত পঞ্জীকৃত চিকিৎসা সেৱকৰ দ্বাৰা প্ৰদান কৰা প্ৰমাণপত্ৰ। সেই পঞ্জীকৃত চিকিৎসা সেৱকগৰাকীৰ শ্ৰেণী চিভিল চাৰ্জনৰ তলত হ’ব নালাগিব।
(৪) ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ কোনো বিভাগে প্ৰদান কৰা পে’ শ্লিপ।
মটৰ গাড়ী চালনা শিকিবৰ বাবে অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ আবেদনকাৰীগৰাকীয়ে অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষৰ ওচৰত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে। এই পৰীক্ষা মটৰ গাড়ীৰ ইনস্পেক্টৰৰ দ্বাৰা সম্পন্ন কৰা হয় আৰু এই পৰীক্ষাত আবেদনকাৰীয়ে তেওঁৰ ট্ৰেফিক চিহ্ন সংকেত আৰু পথৰ নীতি-নিয়মৰ জ্ঞানেৰে ইনস্পেক্টৰ গৰাকীক সন্তুষ্ট কৰিব লাগে। ইতিমধ্যে চালকৰ অনুজ্ঞাপত্ৰ থকা আবেদনকাৰীসকলে নতুন শ্ৰেণীৰ বাহনৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিবলৈ প্ৰাথমিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া নহয়।
শিকাৰুৰ অনুজ্ঞাপত্ৰৰ ম্যাদ ৬ মাহ বৰ্তি থাকে। শিকাৰুৰ অনুজ্ঞাপত্ৰধাৰী ব্যক্তিয়ে বাহনখন চালনা কৰোতে বাহনৰ সন্মুখ ভাগত বা পাছফালে ইংৰাজী ‘L’ আখৰটো লগাই লোৱাটো বাধ্যতামূলক আৰু এই গাড়ী চলাবলৈ শিকাৰ সময়ছোৱাত তেওঁ স্থায়ী অনুজ্ঞাপত্ৰধাৰী ব্যক্তিৰ অধীনত গাড়ী চলাবলৈ শিকিব লাগে।
পূৰ কৰিবলগীয়া প্ৰ-পত্ৰ
সূচী ১ | আবেদন আৰু শাৰীৰিক সুস্থতাৰ ঘোষণাপত্ৰ | ডাউনলোড |
সূচী ২ | মনোনয়ন কৰা হোৱা বা নৱীকৰণ কৰা হোৱা আবেদনপত্ৰ | ডাউনলোড |