মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবহণ বিভাগ পৰিবহণ আয়ুক্তালয়

ৰাষ্ট্ৰীয় অনুমতি লাভৰ আবেদন

চিহ্নাংক সূচী :

  • মটৰ গাড়ী আইন ১৯৮৮ ৰ ৮৮ নং অনুচ্ছেদৰ ১২ নং উপভাগে মালবস্তু কঢ়িয়াবলৈ ৰাষ্ট্ৰীয় অনুমতি প্ৰদান কৰে।
  • ইয়াৰ বাবে সূচী ১ আৰু সূচী ২ ত আবেদনৰ প্ৰ-পত্ৰ প্ৰদান কৰা হয় যি আবেদনকাৰীয়ে পূৰ কৰি পঞ্জীয়ন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব লাগে।

অৱলোকন

মটৰ গাড়ী আইন ১৯৮৮ ৰ অনুচ্ছেদ ৬৬(১) অনুসৰি কোনো মটৰ গাড়ীৰ গৰাকীয়ে আঞ্চলিক বা ৰাজ্যিক পৰিবহণ কৰ্তৃপক্ষৰ পৰা অনুজ্ঞা লাভ নকৰালৈকে ৰাজহুৱা স্থানত গাড়ীচালনা কৰিব নোৱাৰে। ৰাষ্ট্ৰীয় পথ অনুজ্ঞা প্ৰদান কৰাটো একমাত্ৰ ৰাজ্যিক পৰিবহণ কৰ্তৃপক্ষৰ কৰ্তব্য। মালবস্তু কঢ়িওৱাৰ ক্ষেত্ৰত সমগ্ৰ দেশতে চলাচলৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয়। এনে অনুজ্ঞাৰ ক্ষেত্ৰত গৃহ চহৰক সামৰি লৈ চাৰিখন চহৰ অন্তৰ্ভুক্ত কৰা হয়।

যোগ্যতাৰ মাপকাঠি

বাহনখন পঞ্জীয়ন কৰা আৰু বীমা কৰা হ’ব লাগে।

মালবস্তু কঢ়িয়াব পৰাকৈ বাহনখন শক্তিশালী হ’ব লাগে।

মাচুল

অনুমতিৰ প্ৰকাৰউচ্চতম সময়সীমামূল্য

পিৰিয়ডিক অনুমতি ৰাজ্যৰ ভিতৰত যাত্ৰী আৰু মালবস্তু কঢ়িয়াবলৈ,তিনিটা চকাযুক্ত আৰু অন্যান্য বাহন

৩ বছৰৰ পৰা ৫ বছৰলৈ৫০০.০০/-টকা, ৭৫০.০০/-টকা, ১৫০০.০০/-টকা

পিৰিয়ডিক অনুমতি ৰাজ্যৰ ভিতৰত যাত্ৰী আৰু মালবস্তু কঢ়িয়াবলৈ

৩ বছৰলৈতিনিটা চকাযুক্ত বাহনৰ বাবে ২৫০.০০/-টকা
তিনিটা চকাযুক্ত বাহনৰ বাবে ৫০০.০০/-টকা
অন্যান্য বাহনৰ বাবে ১০০০.০০/-টকা
অস্থায়ী অনুজ্ঞা (যাত্ৰীবাহী আৰু মালবাহী বাহন) এটা অঞ্চলত চলিবলৈ৪ মাহতিনিটা চকাযুক্ত বাহন আৰু টেক্সি ৫০.০০/-টকা, চিটিবাছ ১৫০.০০/-টকা, অন্যান্য বাহন ১০০.০০/-টকা
তিনিটা অঞ্চললৈ যাতায়াত কৰাৰ অনুমতি৪ মাহতিনিটা চকাযুক্ত বাহন/টেক্সি ৭৫.০০/-টকা, অন্যান্য বাহন: ১৫০.০০/-টকা
তিনিটা অঞ্চলতকৈ অধিক অঞ্চলত যাতায়াত কৰাৰ অনুমতি৪ মাহটেক্সি ১০০.০০/-টকা, অন্যান্য বাহন: ২০০.০০/-টকা
ৰাজ্যৰ ভিতৰত আন্তঃৰাজ্যিক পথসমূহ ব্যৱহাৰ কৰিব পৰাকৈ বিশেষ অনুজ্ঞা১০ দিন
৪ মাহ
৩ ৰ পৰা ৫ বছৰ
৩ বছৰলৈকে

 
১০০ টকা
২৫০ টকা
২০০০ টকা
১৫০০.০০১০০.০০
৫০০ টকা

প্ৰয়োজন হোৱা নথিপত্ৰসমূহ

  1. সূচী ১ ত আবেদনৰ প্ৰ-পত্ৰ
  2. সূচী ২ ত আবেদনৰ প্ৰ-পত্ৰ
  3. গাড়ীখনৰ প্ৰাসংগিক নথিপত্ৰসমূহ
  4. নিৰ্ধাৰিত মাচুল
  5. অন্য ৰাজ্যৰ ক্ষেত্ৰত মাচুল প্ৰদানৰ বাবে ডীমাণ্ড ড্ৰাফটৰ ব্যৱহাৰ

জৰুৰী সাময়িকী

তিনিৰ পৰা পাঁচ বছৰলৈ এয়া বৈধ থাকে।

কেনেকৈ আবেদন কৰিব

পথ অনুজ্ঞা লাভ কৰিবলৈ মটৰ গাড়ীৰ গৰাকীয়ে নিৰ্ধাৰিত আবেদনপত্ৰ পূৰ কৰি আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষ বা ৰাজ্যিক পৰিবহণ কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিব লাগে। এই অনুজ্ঞা প্ৰদানৰ বিষয়টো ৰাজহুৱা স্বাৰ্থৰ ওপৰত মৌলিকতা প্ৰদান কৰি আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষ বা ৰাজ্যিক পৰিবহণ কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰে।

সেৱাৰ প্ৰকাৰ

এই সেৱাৰ প্ৰকাৰ অফলাইন।

পূৰ কৰিবলগীয়া প্ৰ-পত্ৰ

সূচী ১পূৰ কৰিবলগীয়া প্ৰ-পত্ৰডাউনলোড
সূচী ২পূৰ কৰিবলগীয়া প্ৰ-পত্ৰডাউনলোড


কাক যোগাযোগ কৰিব

গুণধৰ দাস, এ চি টি