মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পৰিবহণ বিভাগ পৰিবহণ আয়ুক্তালয়

মটৰ গাড়ীৰ অনুজ্ঞা: ইয়াৰ উলিওৱা কাৰ্য্য আৰু নৱীকৰণ

অনুমতিপত্ৰ কি?

মটৰ গাড়ী আইনৰ নিয়ম অনুসৰি ৰাজ্যিক বা আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষই বাহন ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা ব্যৱস্থাই হৈছে অনুজ্ঞা বা অনুমতিপত্ৰ। মটৰ গাড়ী আইন ১৯৮৮ ৰ ৬৬ নং অনুচ্ছেদত এনে অনুজ্ঞা বা অনুমতি লোৱাটো বাধ্যতামূলক কৰিছে। অৱশ্যে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ অন্তৰ্গত বাহন, আৰক্ষীৰ বাহন, এমবুলেন্স সেৱা অগ্নিনিৰ্বাপক বাহিনী ইত্যাদি গাড়ীৰ ক্ষেত্ৰত ৩০০০ কিলোগ্ৰামৰ অধিক ওজন নকঢ়িয়ালে এনে অনুজ্ঞা বা অনুমতিপত্ৰৰ প্ৰয়োজনীয়তাৰ পৰা ৰেহাই দিয়া হয়।

কেনেকৈ আবেদন কৰিব?

পথ অনুজ্ঞা লাভ কৰিবলৈ এখন বাহনৰ গৰাকীয়ে নিৰ্ধাৰিত আবেদনপত্ৰ পূৰ কৰি আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষ বা ৰাজ্যিক পৰিবহণ কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিব লাগে। আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষ বা ৰাজ্যিক পৰিবহণ কৰ্তৃপক্ষ পৰিষদত ৰাজহুৱা স্বাৰ্থ বিষয়টো বিবেচনা কৰি এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অনুমতিৰ প্ৰকাৰ

পথ ব্যৱহাৰৰ অনুমতিৰ প্ৰকাৰ ভিন্ন। এই বিষয়ে তলত উল্লেখ কৰা হ’ল:

  • ষ্টেজ কেৰিয়েজ পাৰ্মিট: এই প্ৰকাৰৰ অনুমতি বাছ, মিনিবাছ, চিটিবাছ ইত্যাদিৰ ক্ষেত্ৰত ব্যৱহৃত হয় য’ত এটা নিৰ্দিষ্ট অঞ্চলত যাত্ৰীক ভাড়াৰ বিনিময়ত এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ ব্যৱহাৰ কৰা হয়। এই পৰিবহণৰ ক্ষেত্ৰত যাত্ৰী উঠোৱা আৰু নমোৱা নিৰ্দিষ্ট স্থান থাকে। আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষক এনে অনুজ্ঞা প্ৰদানৰ ক্ষমতা প্ৰদান কৰা হৈছে। কিন্তু এনে অনুজ্ঞাৰ ক্ষেত্ৰত সেই নিৰ্দিষ্ট পৰিবহণ কৰ্তৃপক্ষই কাউণ্টাৰচাইন বা প্ৰতিস্বাক্ষৰ কৰিবলগীয়া হয়।
  • মালবস্তু কঢ়িওৱাৰ অনুজ্ঞা: আবেদনকাৰীয়ে তেওঁৰ বাহন বাণিজ্যিক ৰূপত সামগ্ৰী কঢ়িয়াবলৈ ব্যৱহাৰ কৰিব পৰা জোখাৰে এনে অনুজ্ঞা বা অনুমতি প্ৰদান কৰে। মালবস্তু কঢ়িয়াবলৈ অনুজ্ঞা প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো প্ৰতিবন্ধকতা নাথাকে।
  • ঠিকাভিত্তিক বা চুক্তিভিত্তিক অনুজ্ঞা: এনে ঠিকাভিত্তিক অনুজ্ঞা বাছ, মিনিবাছ, টাটা ছুম’, ক্যাব গাড়ী, অট’ৰিক্সা, টেক্সি ইত্যাদি বাহনৰ ক্ষেত্ৰত প্ৰদান কৰে। ইয়াৰ জৰিয়তে যাত্ৰীসকলে বাহন ভাড়া কৰি ৰাজ্যৰ ভিতৰৰ আৰু বাহিৰৰ ঠাইসমূহ পৰিভ্ৰমণ কৰে।
  • ৰাষ্ট্ৰীয় পথ অনুজ্ঞা: ৰাষ্ট্ৰীয় পথ অনুজ্ঞা প্ৰদান ৰাজ্যিক পৰিবহণ কৰ্তৃপক্ষৰ দায়িত্বৰ অধীনত পৰে। মালবস্তু কঢ়িয়াবলৈ প্ৰদান কৰা অনুজ্ঞাৰ ক্ষেত্ৰত সমগ্ৰ দেশতে চলাচল কৰিব পৰাকৈ ইয়াক প্ৰদান কৰা হয়। এনে অনুজ্ঞা প্ৰদান কৰাৰ আন এক বিশেষত্ব হৈছে ইয়াত আবেদনকাৰীয়ে তেওঁৰ গৃহ ৰাজ্যৰ উপৰিও চাৰিখন বা তাৰ অধিক ৰাজ্য বাছি ল’ব পাৰে।
  • সমগ্ৰ ভাৰত ভিত্তিক পৰ্যটন অনুজ্ঞা: বাছ, মটৰ ক্যাব আদি বাহনত পৰ্যটকসকলক কঢ়িওৱাৰ সেৱা প্ৰদানৰ উদ্দেশ্যে ৰাজ্যিক পৰিবহণ কৰ্তৃপক্ষই এনে অনুজ্ঞা প্ৰদান কৰে।
  • অস্থায়ী অনুজ্ঞা: আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষ আৰু ৰাজ্যিক পৰিবহণ কৰ্তৃপক্ষই ধৰ্মীয় উৎসৱ বা এনে কোনো উপলক্ষৰ বাবে যাত্ৰী কঢ়িওৱাৰ সেৱা প্ৰদানৰ উদ্দেশ্যে এনে অস্থায়ী অনুজ্ঞা বা অনুমতি প্ৰদান কৰে। অস্থায়ী অনুজ্ঞাৰ ম্যাদ চাৰি মাহলৈ বৰ্তি থাকে।
  • বিশেষ অনুজ্ঞা: গৃহ ৰাজ্যৰ বাহিৰে অন্য ৰাজ্যত গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পাদনৰ বাবে এনে অনুজ্ঞা বা অনুমতিপত্ৰ প্ৰদান কৰা হয়। বিশেষ কাৰণতহে এনে অনুজ্ঞা প্ৰদান কৰা হয়। এনে অনুজ্ঞাৰ ম্যাদ কাৰ্য্যসম্পাদনৰ পিছতেই অন্ত পৰে।

প্ৰয়োজন হোৱা নথিপত্ৰ

  1. আবেদনৰ প্ৰ-পত্ৰ
  2. আৰ/চি, এফ/চি, আই/চি শ্ৰেণীৰ বাহনৰ বাবে প্ৰয়োজন হোৱা নথি
  3. খাজনা প্ৰদান প্ৰমাণপত্ৰ
  4. ঠিকনা প্ৰমাণপত্ৰ
  5. নিৰ্ধাৰিত মাচুল

পূৰ কৰিবলগীয়া প্ৰ-পত্ৰ

ষ্টেজ কেৰিয়েজ পাৰ্মিটডাউনলোড
মালবস্তু কঢ়িওৱাৰ অনুজ্ঞাডাউনলোড
চুক্তিভিত্তিক অনুজ্ঞাডাউনলোড
ৰাষ্ট্ৰীয় পথ অনুজ্ঞা(১)ডাউনলোড (২)ডাউনলোড
পৰ্যটন অনুজ্ঞা(১) ডাউনলোড (২) ডাউনলোড