মটৰ গাড়ী আইন ১৯৮৮ ৰ ৩৯ তম খণ্ড অনুসৰি কোনো ব্যক্তিয়ে বা গাড়ীৰ গৰাকীয়ে মটৰ গাড়ী আইন ১৯৮৮ ৰ চতুৰ্থ অধ্যায় অনুসৰি গাড়ীখন পঞ্জীয়ন নকৰালৈকে ৰাজহুৱা স্থানত চলাব নোৱাৰে বা পঞ্জীয়ন নকৰা বাহন চালনাৰ বাবে আইনে অনুমতি প্ৰদান নকৰে। এখন গাড়ী ক্ৰয় কৰাৰ পিছত গাড়ীৰ গৰাকীয়ে তেওঁ বসবাস কৰা বা তেওঁৰ কৰ্মক্ষেত্ৰৰ এলেকাৰ ভিতৰত পৰা জিলা পৰিবহণ কাৰ্য্যালয়ত গাড়ীখন পঞ্জীয়ন কৰিব লাগে।
বাহন লাভ কৰাৰ সাত দিনৰ ভিতৰত বাহনৰ পঞ্জীয়নৰ বাবে আবেদনপত্ৰ জিলা পৰিবহণ কাৰ্য্যালয়ত দাখিল কৰিব লাগে।
গাড়ীৰ পঞ্জীয়নৰ বাবে দাখিল কৰা আবেদনপত্ৰৰ সৈতে তলত দিয়া নথিপত্ৰসমূহ জমা দিব লাগে:
গাড়ীৰ গৰাকীয়ে তেওঁ বসবাস কৰা বা তেওঁৰ কৰ্মস্থলৰ অন্তৰ্গত এলেকাত থকা জিলা পৰিবহণ কাৰ্য্যালয়ত তেওঁৰ বাহনখন পঞ্জীয়ন কৰিব লাগে। আজিকালি বাহনৰ বিক্ৰেতাক গাড়ীৰ পঞ্জীয়নৰ ক্ষমতা প্ৰদান কৰা হৈছে। এনে চৰকাৰীভাৱে অনুমোদিত গাড়ীৰ বিক্ৰেতাৰ অৱস্থান লাভ কৰিবলৈ জিলা পৰিবহণ কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰিব লাগে।
অস্থায়ী পঞ্জীয়ন
মটৰ গাড়ী আইন ১৯৮৮ ৰ খণ্ড ৪৩ ৰ নিয়ম অনুসৰি এখন গাড়ীৰ ক্ৰেতা বা গৰাকীলৈ গাড়ীৰ প্ৰস্তুতকৰ্তাই মাথো গাড়ীখনৰ নিম্নাংশৰ গঠন বা Chassis টোহে প্ৰদান কৰে আৰু গাড়ীখনৰ সম্পূৰ্ণকৰণৰ কাৰ্য্য পিছৰ সময়লৈ ৰাখে তেতিয়া সেই বাহনখনৰ বাবে অস্থায়ী পঞ্জীয়ন কৰিব পাৰি। এনে ক্ষেত্ৰত গাড়ীখনৰ সম্পূৰ্ণকৰণৰ বাবে এমাহৰ সময়সীমা প্ৰদান কৰা হয়। ইয়াৰ বাবে এমাহৰ অধিক সময়ৰ প্ৰয়োজন হ’লে অস্থায়ী পঞ্জীয়নৰ সময়সীমা বৃদ্ধি কৰা হয়।
ব্যক্তিগত বাহনৰ পঞ্জীয়ন প্ৰমাণপত্ৰৰ নৱীকৰণ
জিলা পৰিবহণ কাৰ্য্যালয়ত নিৰ্ধাৰিত মাচুলসহ পঞ্জীয়নৰ ম্যাদ উকলি যোৱাৰ আগতে আবেদন কৰিব লাগে। আবেদনপত্ৰৰ সৈতে গাঁথি দিবলগীয়া নথিসমূহ হৈছে- (১) পঞ্জীয়ন প্ৰমাণপত্ৰ, (২) বীমা প্ৰমাণপত্ৰ, (৩) বৈধ খাজনা প্ৰদান প্ৰমাণপত্ৰ, (৪) প্ৰদূষণ নিয়ন্ত্ৰণাধীন প্ৰমাণপত্ৰ আৰু (৫) নিৰ্ধাৰিত মাচুল। গাড়ীখন জিলা পঞ্জীয়ন কাৰ্য্যালয়ত সংশ্লিষ্ট কৰ্তৃপক্ষৰ দ্বাৰা ইয়াৰ চিহ্ন পৰীক্ষাৰ বাবে উপস্থিত কৰাব লাগে। কৰ্তৃপক্ষই এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিছত পাঁচ বছৰৰ বাবে বাহনৰ পঞ্জীয়ন প্ৰমাণপত্ৰ নৱীকৰণ কৰে।
প্ৰকৃত পঞ্জীয়ন প্ৰমাণপত্ৰ হেৰালে বা কেনেবাকৈ নষ্ট হ’লে পঞ্জীয়ন প্ৰমাণপত্ৰৰ গৰাকীয়ে প্ৰ-পত্ৰ ২৬ ত পঞ্জীয়ন প্ৰমাণপত্ৰৰ প্ৰতিলিপিৰ বাবে আবেদন কৰিব পাৰে। পঞ্জীয়ন প্ৰমাণপত্ৰৰ প্ৰতিলিপি উলিয়াবলৈ নিম্ন উল্লিখিত নথিসমূহ জমা দিব লাগে:
এখন মটৰ গাড়ীৰ মালিকী স্বত্বৰ সালসলনি ঘটিলে প্ৰ-পত্ৰ ২৯ আৰু প্ৰ-পত্ৰ ৩০ ত এই বিষয়ে জিলা পৰিবহণ কাৰ্য্যালয়ত অৱগত কৰিব লাগে। ইয়াৰ বাবে তলত উল্লিখিত নথিপত্ৰসমূহৰ প্ৰয়োজন:
মটৰ গাড়ীৰ গৰাকীয়ে যদি অন্য ৰাজ্যলৈ প্ৰব্ৰজন কৰে বা তেওঁৰ ব্যৱসায়ৰ স্থান অন্য ৰাজ্যলৈ স্থানান্তৰিত কৰে তেতিয়া এই বিষয়ে পঞ্জীয়ন কৰ্তৃপক্ষক নতুন ঠাইত উপস্থিত হোৱাৰ ৩০ দিনৰ ভিতৰত জনাব লাগে আৰু তলত উল্লেখ কৰা নথিসমূহৰে সৈতে আবেদন কৰিব লাগে :
মটৰ গাড়ীৰ পঞ্জীকৃত গৰাকীৰ মৃত্যু ঘটিলে উত্তৰাধিকাৰী সূত্ৰে অধিকাৰ লাভ কৰা প্ৰথমগৰাকী ব্যক্তিয়ে গাড়ীখনৰ অধিকাৰ লাভ কৰিবলৈ পঞ্জীকৃত গাড়ীৰ গৰাকীৰ মৃত্যু হোৱাৰ তিনি মাহৰ ভিতৰত জিলা পৰিবহণ বিষয়াক এই বিষয়ে অৱগত কৰিব লাগে। বৈধ উত্তৰাধিকাৰী গৰাকীয়ে তলত উল্লিখিত নথিপত্ৰৰ সৈতে ইয়াৰ বাবে আবেদন কৰিব লাগে:
এখন মটৰ গাড়ীৰ পঞ্জীকৃত গৰাকীয়ে যেতিয়া ১২ মাহৰ অধিক সময়ৰ বাবে অন্য ৰাজ্যলৈ প্ৰব্ৰজন কৰে তেতিয়া মটৰ গাড়ী আইন ১৯৮৮ ৰ খণ্ড ৪৭ ৰ নিয়ম অনুসৰি তেওঁ তেওঁৰ বাহনৰ বাবে নতুন পঞ্জীয়ন চিহ্নৰ বাবে আবেদন কৰিব পাৰে। ইয়াৰ বাবে প্ৰ-পত্ৰ ২৭ ত মটৰ গাড়ীৰ গৰাকীয়ে আবেদন কৰিব লাগে লগতে নিৰ্ধাৰিত মাচুল সহ প্ৰ-পত্ৰ ২৮ ত অনাপত্তি প্ৰমাণপত্ৰ গাঁথি দিব লাগে।
এখন গাড়ী যেতিয়া সম্পূৰ্ণৰূপে ক্ষতিসাধন হয় বা ধ্বংসপ্ৰাপ্ত হয় আৰু মেৰামতি কৰাৰ উপায় নাথাকে তেতিয়া ইয়াৰ গৰাকীয়ে ১৪ দিনৰ ভিতৰত ইয়াৰ পঞ্জীয়ন প্ৰমাণপত্ৰৰ সৈতে পঞ্জীয়ন কৰ্তৃপক্ষক সাক্ষাৎ কৰি পঞ্জীয়ন ৰদ কৰাৰ বাবে আবেদন জনাব লাগে।
অসম চৰকাৰৰ পৰিবহণ বিভাগে গাড়ীৰ পঞ্জীয়ন চিহ্নৰ সন্দৰ্ভত কিছুমান নিৰ্দেশনা জাৰি কৰিছে। অভিজ্ঞতাৰ আলম লৈ এয়া দেখা গৈছে যে যান-বাহনৰ কিছুসংখ্যক গৰাকীয়ে মনে বিচৰা ধৰণৰ মনোমোহা নম্বৰ পচন্দ কৰে। নিৰ্দেশনা মূল্য আগতীয়াকৈ প্ৰদান কৰা হিচাপত এনে নম্বৰ ৰাখি এই সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়। কিন্তু এনেধৰণে পচন্দৰ নম্বৰ ৰখা ব্যৱস্থা বাতিল যোগ্য আৰু জমা দিয়া মাচুল হেৰুৱাবলগীয়া হ’ব পাৰে যদি গাড়ীৰ গৰাকীয়ে এই প্ৰক্ৰিয়াৰ এবছৰৰ ভিতৰত গাড়ীখন পঞ্জীয়ন কৰাত ব্যৰ্থ হয়।
অসম চৰকাৰৰ পৰিবহণ আয়ুক্তৰ পৰা লাভ কৰা নিৰ্দেশ অনুসৰি ব্যক্তিগত ব্যৱহাৰ আৰু বাণিজ্যিক ব্যৱহাৰৰ বাহনৰ মাজত খেলিমেলি দূৰীকৰণৰ বাবে আৰু ইয়াৰ পাৰ্থক্য সহজে চিনাক্ত কৰি উলিয়াবলৈ অসমৰ বাহনসমূহৰ পঞ্জীয়ন চিহ্ন চোৱাৰ এক সহজ পদ্ধতি আনিছে। এই উদ্দেশ্যে বাণিজ্যিক বাহনসমূহৰ ক্ষেত্ৰত পঞ্জীয়ন চিহ্নৰ বাবে ইংৰাজী বৰ্ণমালাৰ ‘C’ আখৰটো দিয়াৰ ব্যৱস্থা কৰিছে। এই অনুসৰিয়েই অসমৰ বাণিজ্যিক বাহনসমূহৰ পঞ্জীয়ন কাৰ্য্য সম্পন্ন কৰা হয়।
সহজ আৰু মসৃণ ৰূপত মটৰ গাড়ীৰ গৰাকীলৈ পঞ্জীয়ন কৰাৰ সুবিধা প্ৰদানৰ বাবে অসম চৰকাৰে গাড়ীৰ ব্যৱসায়ী বা প্ৰস্তুতকৰ্তাসকলক সাম্প্ৰতিক পঞ্জীয়ন নম্বৰসমূহ ৰাখিব পৰা সুবিধা প্ৰদান কৰিছে যাৰ জৰিয়তে তেওঁলোকে এই পঞ্জীয়ন নম্বৰসমূহ মটৰ গাড়ীৰ স্থায়ী বা অস্থায়ী পঞ্জীয়নৰ বাবে আগবঢ়াব পাৰে।
সূচী ১ | মটৰ গাড়ীৰ পঞ্জীয়নৰ বাবে প্ৰ-পত্ৰ | ডাউনলোড |
সূচী ২ | বিক্ৰী প্ৰমাণ প্ৰ-পত্ৰ | ডাউনলোড |
সূচী ৪ | প্ৰস্তুতকৰ্তাৰ পৰা পথ যোগ্যতা প্ৰমাণপত্ৰ | ডাউনলোড |
সূচী ৫ | ব্যক্তিগত বাহনৰ পঞ্জীয়ন পত্ৰৰ নৱীকৰণ | ডাউনলোড |
সূচী ৬ | (বিত্ত, ক্ৰয়-বিক্ৰয়, লীজ) ৰ বাবে আবেদনপত্ৰ | ডাউনলোড |
সূচী ৭ | মটৰ গাড়ীৰ মালিকীস্বত্বৰ পৰিৱৰ্তনৰ জাননী | ডাউনলোড |
সূচী ৮ | মটৰ গাড়ীৰ মালিকীস্বত্বৰ পৰিৱৰ্তনৰ প্ৰতিবেদন | ডাউনলোড |
সূচী ৯ | পঞ্জীয়ন প্ৰমাণপত্ৰত উল্লেখৰ বাবে আৰু কাৰ্য্যালয়ত লেখ ৰখাৰ বাবে ঠিকনা পৰিৱৰ্তনৰ ঘোষণা | ডাউনলোড |
সূচী ১০ | মালিকীস্বত্বৰ পৰিৱৰ্তনৰ বাবে বা উত্তৰাধিকাৰী সূত্ৰে মটৰ গাড়ীৰ মালিকী স্বত্ব লাভ কৰিবৰ বাবে আবেদন | ডাউনলোড |