ইয়াৰ প্ৰয়োজনীয়তা কিয়?
ভাৰতত প্ৰতি বছৰে পথ দূৰ্ঘটনাত ৮০০০০ লোকে প্ৰাণ হেৰুৱায় যি সমগ্ৰ পৃথিৱীৰ পথ দূৰ্ঘটনাৰ ১৩ শতাংশ সামৰি লয়। সৰহ সংখ্যক পথ দূৰ্ঘটনা বিশেষকৈ চালকৰ অসাৱধনাতাৰ ফলত নতুবা পথ সুৰক্ষাৰ সজাগতাৰ অভাৱৰ ফলতে সংঘটিত হয়। সেয়েহে পথ সুৰক্ষাৰ শিক্ষা যিকোনো প্ৰকাৰৰ বিপদৰ পৰা সুৰক্ষিত হৈ থকাৰ বাবে প্ৰয়োজনীয়।
১৯৯০ চনৰ পৰা প্ৰতি বছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত পথ সুৰক্ষা সপ্তাহ পালন কৰি অহা হৈছে। পথ দুৰ্ঘটনা প্ৰতিৰোধ আৰু জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে অসমত ২০১৪ চনৰ ১১ জানুৱাৰীৰ পৰা এই কাৰ্য্যসূচীৰ আৰম্ভ কৰা হয়।
লক্ষ্য কৰি লোৱা লোকৰ সমষ্টি
- পথচাৰী।
- বাছযাত্ৰী।
- বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী।
- দুচকীয়া বাহনৰ চালক আৰু মটৰ চাইকেল আৰোহী।
- গাড়ীচালক।
পথ সুৰক্ষা উদ্যোগ 
- কাৰ্য্যসূচী আৰু প্ৰশিক্ষণৰ বিস্তাৰ সাধন
- শুভ যাত্ৰা: পথ সুৰক্ষাৰ এক উদ্যোগ
- কৰ্মশালাৰ আয়োজন
- কুইজ
- বাটৰ নাট আৰু বাট সভাৰ আয়োজন
- বিদ্যালয় কাৰ্য্যসূচী
- বৈদ্যুতিন মাধ্যমত বিজ্ঞাপন প্ৰচাৰ
- ৰেলী আৰু স্বাস্থ্য শিবিৰৰ আয়োজন
পথত সাৱধান বা ৰোড স্মাৰ্ট কেনেকৈ হ’ব?
পথচাৰীসকলৰ বাবে পথ সুৰক্ষাৰ উপায়
- সদায় পদপথত খোজ কাঢ়িব লাগে। পদপথ নথকা স্থানত পথৰ সোঁফালে আহিব লাগে যাতে সন্মুখেৰে অহা গাড়ী স্পষ্টভাৱে দেখা পোৱা যায়।
- পথচাৰীয়ে ৰাস্তা পাৰ হোৱা চিহ্ন থকা স্থানতহে ৰাস্তা পাৰ হ’ব লাগে। সেই স্থানত কোনো পথচাৰী ৰাস্তা পাৰ হৈ থকা নেদেখিলে পথচাৰীগৰাকীয়ে প্ৰথমে সোঁফালে তাৰ পিছত বাওঁফালে আৰু আকৌ সোঁফালে চাই লৈহে সুৰক্ষিতভাৱে ৰাস্তা পাৰ হ’ব লাগে।
- সৰু ল’ৰা-ছোৱালীক ৰাস্তাত অকলশৰে খোজ কাঢ়িবলৈ বা ৰাস্তাৰ দাঁতিত খেলিবলৈ, দৌৰিবলৈ দিব নালাগে। ৰাস্তাত শিশুৰ সৈতে খোজকাঢ়িলে শিশুটিৰ হাতত ধৰি খোজকাঢ়িব লাগে।
- ৰাতি পথচাৰীসকলে উজ্জ্বল ৰঙৰ কাপোৰ পৰিধান কৰিব লাগে যাতে দুই দিশেৰে অহা গাড়ীৰ চালকে আনকি অনুন্নত পোহৰ ব্যৱস্থাতো পথচাৰীগৰাকীক দেখা পাব পাৰে।
- এলকহল বা ড্ৰাগ্চ সেৱন কৰি পথত খোজ কাঢ়িব নালাগে।
- মাল্টি লেন পথসমূহ পাৰ হওঁতে অতিৰিক্ত সাৱধনতা অৱলম্বন কৰিব লাগে।
- পথৰ অন্তঃপ্ৰতিচ্ছেদন চিহ্ন থকা ঠাইত অতিৰিক্ত সাৱধান হোৱাটো প্ৰয়োজনীয়।
- বৰষুণৰ বতৰত পথত খোজ কাঢ়িলে ছাতিটোৰ ক্ষেত্ৰত সাৱধনতা অৱলম্বন কৰিব লাগে যাতে ই সন্মুখত আহি থকা যানবাহন দেখা পোৱাত অসুবিধাৰ সৃষ্টি নকৰে।
যাত্ৰীসকলৰ বাবে সুৰক্ষা উপায়
- বাছৰ বাবে অপেক্ষা কৰোতে এটা শাৰীত থিয় হৈ থাকি অপেক্ষা কৰিব লাগে। ৰাস্তাৰ মাজলৈ আহি শাৰীৰ সৃষ্টি কৰিব নালাগে।
- বাছত উঠোতে দৌৰাদৌৰি বা খৰখেদা কৰিব নালাগে। বাছৰ ভিতৰত সোমোৱাৰ পিছত এটি আসনত বহি ল’ব লাগে নতুবা ঠিয়হৈ গ’লে যাত্ৰীয়ে ধৰিবৰ বাবে ৰখা ঠাইত দৃঢ়ভাৱে ধৰি ল’ব লাগে
- অধিক যাত্ৰীৰে ঠাহ খাই থকা বাছত কেতিয়াও উঠিব নালাগে।
- বাছৰ পাওদানিত ধৰি কেতিয়াও যাত্ৰা কৰিব নালাগে। ইয়াৰ পৰিণাম ভয়াৱহ হ’ব পাৰে।
- বাছৰ ভিতৰত কেতিয়াও চিঞৰিব নালাগে। এনে কাৰ্য্যই গাড়ীচালকৰ মনোযোগ বিঘ্নিত কৰি ভয়াৱহ দুৰ্ঘটনা সংগঠিত হোৱাত অৰিহণা যোগাব পাৰে।
স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে সুৰক্ষা উপায়
- ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যোৱাৰ পথত পদপথ ব্যৱহাৰ কৰিব লাগে। পদপথ বা ফুটপাথ নথকা স্থানত ৰাস্তাৰ দাঁতিৰ একেবাৰে সোঁহাতে খোজ কাঢ়িব লাগে।
- পথত সমূহীয়াভাৱে দল বান্ধি কেতিয়াও খোজকাঢ়িব নালাগে।
- পথত দৌৰাদৌৰি বা খেদাখেদি কেতিয়াও কৰিব নালাগে।
- জেব্ৰা ক্ৰ’ছিঙতহে ৰাস্তা পাৰ হ’ব লাগে।
- বিদ্যালয়লৈ বাছেৰে গ’লে ঘৰৰ পৰা সঠিক সময়ত ওলাব লাগে যাতে বাছখন পাবলৈ লৰালৰি কৰিবলগীয়া নহয়।
- স্কুলবাছৰ কাৰণে অপেক্ষা কৰোতে এটি শাৰীত থিয়হৈ অপেক্ষা কৰিব লাগে।
- বাছখন সম্পূৰ্ণ নৰখালৈকে বাছত উঠিবলৈ চেষ্টা কৰিব নালাগে।
- একেধৰণে বাছখন চলি থকা অৱস্থাত বাছৰ পৰা নামিবলৈ চেষ্টা কৰিব নালাগে।
- চলন্ত বাছৰ ভিতৰত থিয় হৈ যাত্ৰা কৰিলে ইয়াৰ ধৰিব পৰা যতনত দৃঢ়ভাৱে ধৰি ল’ব লাগে।
দুচকীয়া বাহনৰ আৰোহীৰ বাবে সুৰক্ষা উপায়
- মূৰক সুৰক্ষা প্ৰদান কৰা আৱৰণ বা হেলমেট পৰিধান নকৰাকৈ কেতিয়াও স্কুটাৰ বা মটৰ চাইকেল চলাব নালাগে। বেছিভাগ দুচকীয়া বাহনৰ পথ দুৰ্ঘটনাত দুৰ্ঘটনাগ্ৰস্তই মূৰত আৰু ডিঙিত আঘাত পায় যাৰ ফলত দুৰ্ঘটনাগ্ৰস্তৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে। এয়া প্ৰধানকৈ হেলমেট পৰিধান নকৰাৰ ফলতেই হয়।
- ধূলি আৰু সূৰ্য্যৰ ৰশ্মিৰ পৰা চকুযুৰিক সুৰক্ষা প্ৰদান কৰিবলৈ চানগ্লাছ বা গগলছ পৰিধান কৰিব লাগে।
- ৰাতিৰ সময়ছোৱাত উজ্জ্বল বা প্ৰতিফলিত হোৱা কাপোৰ পৰিধান কৰিব লাগে। এনে পৰিধানে নিম্নমানৰ পোহৰতো দৃষ্টিগোচৰ হোৱাৰ সুযোগ বৃদ্ধি কৰে।
- এলকহল বা নিচাযুক্ত দ্ৰব্য সেৱনৰ পিছত কেতিয়াও দুচকীয়া বাহন চলাব নালাগে। এনে কাৰ্য্যই সাংঘাটিক বিপদ সংঘটিত হোৱাত অৰিহণা যোগাব পাৰে।
- যানবাহনৰ নীতি-নিয়ম সমূহ মানি চলিব লাগে।
গাড়ীচালকসকলৰ বাবে সুৰক্ষা উপায়
- যাত্ৰা আৰম্ভ কৰাৰ আগতে গাড়ীখনত যান্ত্ৰিক বিজুতি ঘটিব পৰা সম্ভাৱনীয়তা পৰীক্ষা কৰা।
- গাড়ীত যাত্ৰা কৰা আটায়ে ছিটবেল্ট বান্ধি লোৱাটো নিশ্চিত কৰা।
- অতিৰিক্ত গতিত গাড়ী চলাব নালাগে। গাড়ী চলোৱাৰ সময়ত নিৰ্ধাৰিত গতিসীমা সদায় মনত ৰাখিব লাগে।
- থেক দলং, পথৰ কেঁকুৰি আদি অঞ্চলত কেতিয়াও গাড়ী অতিক্ৰম কৰিব নালাগে।
- চলাই থকা গাড়ী আৰু সন্মুখত গৈ থকা গাড়ীৰ মাজত প্ৰয়োজনীয় দূৰত্ব বজাই ৰাখিব লাগে।.
- গাড়ী চলোৱাৰ সময়ত কেতিয়াও এলকহল জাতীয় নিচাযুক্ত পদাৰ্থ সেৱন কৰিব নালাগে।
- গাড়ী চলোৱাৰ সময়ত ম’বাইল ফোন ব্যৱহাৰ কৰিব নালাগে।
- দীঘলীয়া পথ গাড়ী চলাই অতিক্ৰম কৰাৰ পিছত টোপনি ধৰিলে বা ভাগৰুৱা অনুভৱ কৰিলে ৰাস্তাৰ কাষৰ হোটেল বা ৰেষ্টুৰাত কিছুসময় বিশ্ৰাম লৈ নিজকে সতেজ কৰি ল’ব লাগে।
- ৰেলৱে ক্ৰছিঙত সাৱধান হ’ব লাগে। এনে ক্ৰছিং থকা অঞ্চললৈ আগবাঢ়ি অহাৰ সময়ত গাড়ীৰ গতি কমাই দিব লাগে আৰু ৰেল লাইন পাৰ হোৱাৰ আগতে ভালদৰে শুনি আৰু দুয়োফালে চাই লৈহে ৰেল লাইন পাৰ হ’ব লাগে।
- ৰাতি গাড়ী চলোৱাৰ সময়ত গাড়ীৰ হেডলাইট ল’ বীমত ব্যৱহাৰ কৰিব লাগে।
- ঠাই চাইহে গাড়ীৰ হৰ্ণ ব্যৱহাৰ কৰিব লাগে। বিদ্যালয়, চিকিৎসালয় আৰু ন্যায়ালয়ৰ ওচৰত গাড়ীৰ হৰ্ণ ব্যৱহাৰ কৰিব নালাগে।
- গাড়ী চলোৱাৰ সময়ত শান্ত মনোভাৱ বৰ্তাই ৰাখিব লাগে। পথ ব্যৱহাৰকাৰী অন্য ব্যক্তি বা গাড়ীচালকৰ প্ৰতি উগ্ৰ আচৰণ প্ৰদৰ্শন কৰিব নালাগে।
- কেতিয়াও মালবস্তু বা যাত্ৰীৰে গাড়ী উপচাই ল’ব নালাগে।
- ৰাতি গাড়ী চলোৱাৰ সময়ত অতিৰিক্ত সাৱধনতা অৱলম্বন কৰিব লাগে। পথচাৰী, চাইকেল আৰোহী, ৰিক্সা আদি ভালকৈ চাই লৈহে গাড়ী চলাব লাগে আৰু লগতে ৰাস্তাৰ মাজত কোনো জীৱ-জন্তু শুই নথকাটো নিশ্চিত হ’ব লাগে।
- ৰাস্তাত গতিৰ প্ৰতিযোগিতা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিব লাগে। ইয়ে পথ দুৰ্ঘটনা সংগঠিত হোৱাৰ এক অন্যতম কাৰণ।