বেতকুছিত অৱস্থিত গাড়ীচালক পৰিচালকৰ বিদ্যালয়ত সকলো প্ৰকাৰৰ গাড়ী চালনাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। গাড়ীচালনাৰ স’তে জড়িত সকলো বিষয় এই বিদ্যালয়ত প্ৰদান কৰা হয়। ইয়াত প্ৰশিক্ষণ গ্ৰহণ কৰা শিক্ষাৰ্থীসকলক যান বাহন (ট্ৰাফিক) বিষয়ক শিক্ষা আৰু পথ সুৰক্ষা বিষয়ক প্ৰশিক্ষণ প্ৰদান কৰা হয়। সম্প্ৰতি এই বিদ্যালয়ে অসমৰ একমাত্ৰ চৰকাৰী গাড়ীচালনা প্ৰশিক্ষণ প্ৰদান বিদ্যালয়।