চিহ্নাংকসূচী:
- অনুজ্ঞাপ্ৰাপ্ত ব্যক্তিগৰাকী মটৰ গাড়ী আইনৰ ৫৭ তম নিয়ম অনুসৰি দায়বদ্ধ ব্যক্তি যি মালবস্তু বোজাই কৰা আৰু মালবস্তু খালী কৰা স্থান প্ৰদান কৰে।
- অনুজ্ঞাপ্ৰাপ্ত ব্যক্তিগৰাকী মালবস্তু সমূহৰ সংগ্ৰহ আৰু প্ৰেৰণৰ বাবে সঠিক পৰিচালনাৰ দিশত দায়িত্বশীল।
- অনুজ্ঞাপ্ৰাপ্ত ব্যক্তিগৰাকীয়ে তেওঁৰ নিয়ন্ত্ৰণাধীন বাহনৰ এক সঠিক লেখ ৰাখিব লাগে।
- অধিক তথ্যৰ বাবে সূচী সংখ্যা ২ ত মটৰ গাড়ী আইনৰ বিষয়ে বিস্তৃত উল্লেখ আগবঢ়োৱা হৈছে।
অৱলোকন
পৰিবহণ আয়ুক্তালয়ৰ পৰা প্ৰতিনিধিৰ অনুজ্ঞাপত্ৰ যাত্ৰীবাহী আৰু মালবাহী গাড়ীৰ ব্যৱসায় চলোৱাৰ বাবে প্ৰদান কৰা হয়। এতিয়ালৈকে ২০৪ সংখ্যক যাত্ৰী কঢ়িওৱাৰ উদ্দেশ্যে ব্যৱহৃত প্ৰতিনিধি অনুজ্ঞাপত্ৰ আৰু ৩৯ সংখ্যক মালবস্তু কঢ়িওৱা উদ্দেশ্যে ব্যৱহৃত প্ৰতিনিধি অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে।
যোগ্যতাৰ মাপকাঠি
পঠিওৱাৰ উদ্দেশ্যে সংগ্ৰহ কৰা মালবস্তুসমূহ ৰখাৰ বাবে সঠিক ব্যৱস্থা কৰা লগতে মালবস্তু বোজাই কৰা আৰু মালবস্তু খালী কৰা স্থানৰ সঠিক নিৰ্বাচন কৰা।
মাচুল
(১) যাত্ৰীবাহী বাহনৰ মাচুল বছৰি ১০,০০০/-টকা। অতিৰিক্ত শাখাৰ বাবে প্ৰতি বছৰে ৬০০/-টকা।
(২) মালবাহী বাহনৰ মাচুল বছৰি ২০,০০০/-টকা। অতিৰিক্ত শাখাৰ বাবে প্ৰতি বছৰে ১২০০/-টকা।
প্ৰয়োজনীয় নথিপত্ৰ
- প্ৰেৰক আৰু যালৈ প্ৰেৰণ কৰা হয় সেই ব্যক্তিগৰাকীৰ নাম আৰু ঠিকনা
- পঠিওৱা সামগ্ৰীৰ বিৱৰণ আৰু ওজনৰ উল্লেখ।
- যি ঠাইলৈ প্ৰেৰণ কৰা হয় সেই ঠাইৰ নাম আৰু পঠিওৱা আৰম্ভণি স্থানৰ পৰা সেই ঠাইলৈ কিলোমিটাৰ হিচাপত দূৰত্বৰ উল্লেখ।
- পঠিওৱা সামগ্ৰীৰ প্ৰতি টন/কিলোগ্ৰাম হিচাপত ভাড়া নিৰ্ধাৰণ।
- প্ৰেৰণৰ নিৰ্দেশনাৱলী (তাৰিখ আৰু সামগ্ৰী লাভ কৰা স্থানৰ নিশ্চিত বিৱৰণ।)
- মূল্য প্ৰদানৰ স্বৰ্তাৱলী
- গৰাকী আৰু গাড়ীচালকৰ নাম, বাহনৰ পঞ্জীয়ন নম্বৰ আৰু বোজাই কৰা সামগ্ৰীৰ মূল্য ইত্যাদি উল্লেখনীয় বিষয়।
জৰুৰী সাময়িকী
নৱীকৰণৰ পিছত নতুবা নতুন অনুজ্ঞাপত্ৰ প্ৰদানৰ পিছত প্ৰতিনিধিৰ অনুজ্ঞাপত্ৰ ম্যাদ এবছৰলৈ বৰ্তি থাকে। এনে অনুজ্ঞাপত্ৰৰ ম্যাদ উকলি যোৱাৰ ৩০ দিনৰ আগতে অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষৰ ওচৰত অনুজ্ঞাপত্ৰ নৱীকৰণৰ বাবে আবেদন কৰিব লাগে।
কেনেকৈ আবেদন কৰিব
সেৱাৰ প্ৰকাৰ
এই সেৱাৰ প্ৰকাৰ অফলাইন
দীপজ্যোতি চক্ৰৱৰ্তী, এ চি টি